পুনৰ ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলিচালনা

Share

ডিজিটেল ডেস্ক,২৫ মাৰ্চঃপুনৰ অসম আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ গুলী চালনা। বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলী চালনা । আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।

ঘটনাৰ বিৱৰণ অনুসৰি খটখটি আৰক্ষীৰ তালাচীৰ সময়ত আৰক্ষীয়ে প্ৰায় ৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বিমল পল নামৰ  লোকেজনে ডিমাপুৰৰ পৰা কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা খোজকাঢ়ি আহি থকা বিমল পলে ৪০ টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। 

Leave a Reply

Your email address will not be published. Required fields are marked *