আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা

Share

অৱশেষত ঘোষণা হ’ল আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৫৭৩৯টা পদৰ ফলাফল ঘোষণা কৰা হয়। সোমবাৰে ১১ বজাত ফলাফলসমূহ ঘোষণা কৰা হৈছে। ১২ বজাৰ পিছত ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ।

চলিত মাহৰ ১১ তাৰিখে যোগ্য প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে দিয়া হ’ব নিযুক্তি পত্ৰ।

৫৭৩৯টা পদৰ ভিতৰত ৫৪২১জন প্ৰাৰ্থীক নিৰ্বাচন কৰা হৈছে। উল্লেখযোগ্য যে, যোগ্য প্ৰাৰ্থী নথকা বাবে ৩০৯টা পদ  খালী ৰখা হৈছে।

সোমবাৰে দিনৰ ১২ বজাৰ পৰা https://slprbassam.in/ আৰু  https://police.assam.gov.in/ ৱেবছাইটত উপলব্ধ হয় আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ এই ফলাফল।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *