যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ বিৰুদ্ধে POCSO আইন!

Share

ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাসকলে উত্থাপন কৰিছিল যৌন শোষণৰ এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, ব্ৰীজ ভূষণৰ যৌন শোষণৰ বলি হৈছিল বহু কেইগৰাকী মহিলা খেলুৱৈ। তেওঁলোকৰ ভিতৰত আছিল এগৰাকী নাবালিকা খেলুৱৈও। যাৰ ফলত সমগ্ৰ ঘটনা POCSO আইনৰ আওতালৈ আহিছিল। কিন্তু সঠিক তদন্ত কৰাত ব্যৰ্থ হয় দিল্লী আৰক্ষী। 

ব্ৰীজ ভূষণো পৰৱৰ্তী সময়ত সংবাদ মেলৰ জৰিয়তে POCSO আইনৰহে আওপকীয়াকৈ বিৰোধিতা কৰি কয়, ভাৰতত শিশুৰ যৌন আতিশয্যৰ পৰা সুৰক্ষা আইন, ২০১২ ৰ অপব্যৱহাৰ কৰা হৈছে। সেয়েহে আইনখন সংশোধন কৰিবলৈ চৰকাৰক আবেদন জনাব সাংসদগৰাকীয়ে।

ব্ৰীজ ভূষণে পুনৰ মন্তব্য কৰে, “৫ জুনত উত্তৰ প্ৰদেশৰ অযোধ্যাত POCSO আইনৰ সংশোধনৰ বাবে এক শোভাযাত্ৰাৰ আয়োজন কৰা হ’ব, যত প্ৰায় ১১ লাখ লোকে অংশগ্ৰহণ কৰিব।”

উল্লেখযোগ্য যে,  যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদত বহিবলৈ বাধ্য হৈছিল বহুকেইগৰাকী মহিলা খেলুৱৈ। যিসকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আনকি অলিম্পিক পৰ্যায়ৰ খেলুৱৈও। কেৱল মহিলা খেলুৱৈয়ে নহয়, বৰং বজৰং পুনিয়াৰ দৰে খেলুৱৈও উক্ত প্ৰতিবাদত ভাগ লৈছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *