পাঞ্জাবত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা জনিত সংকত 

Share
পাঞ্জাব,৭ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বুধবাৰে আবেলি পাঞ্জাবৰ ফিৰোজপুৰ জিলাত সংঘটিত হয় এক বৃহৎ বেমেজালি । পাঞ্জাবৰ ফিৰোজপুৰৰ এক বৃহৎ ৰেলিত অংশগ্ৰহণ কৰাৰ কথা আছিল মোদীৰ । কিন্তু প্ৰতিবাদকাৰী কৃষকৰ দলে মোদীৰ কনভয় ৰাজপথে আবদ্ধ কৰে । তাৰ পিছতে বাঠিণ্ডা  বিমানবন্দৰলৈ উভতি যায় প্ৰধানমন্ত্ৰী গৰাকী ।
ঘটনাৰ পিছত বিমানবন্দৰৰ বিষয়া এএন আইৰ মন্তব্য অনুসৰি মোদীয়ে উভতি আহি বিমানবন্দৰৰ বিষয়াসকলক কয় যে ‘ মই বাঠিণ্ডা বিমানবন্দৰলৈ জীৱন্তে উভতি আহিছো  । উল্লেখযোগ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ২০ মিনিট ফ্লাইঅভাৰৰ ওপৰত আবদ্ধ হৈ থাকিবলগীয়া হয় । একাংশ প্ৰতিবাদকাৰীয়ে মোদীৰ কনভয় আবদ্ধ কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দিশত গৃহমন্তালয়ে এক বৃহৎ  ক্ৰতি বুলি অভিহিত কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *