দীপাৱলীৰ প্ৰাকক্ষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক দিলে ডাঙৰ উপহাৰ। ধন্বন্তৰি জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদিকত আয়োজিত অনুষ্ঠানৰ পৰাই দেশবাসীলৈ বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰীয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১২,৮৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে । ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ সুবিধা ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ সম্প্ৰসাৰণ কৰা হয়।স্বাস্থ্যসেৱাৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই বিনামূলীয়া চিকিৎসাৰ বাবে বছৰি ৫ লাখ টকা পৰ্যন্ত কভাৰেজ প্ৰদান কৰে।এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ ব্যয় কৰে।এই সুবিধাৰ পৰা বাদ পৰিব দেশৰ দুখন ৰাজ্য। এই আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ নকৰিব পশ্চিম বংগ আৰু দিল্লীৰ জনতাই।২০১৯ চনতে পশ্চিম বংগ আৰু দিল্লীয়ে আঁচনিখন কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল।
ইয়াৰ লগতে দিল্লীত স্থাপন হোৱা অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ ভিতৰত আছে পঞ্চকৰ্ম হাস্পতাল, ঔষধ নিৰ্মাণৰ বাবে আয়ুৰ্বেদিক ফাৰ্মাচী, ক্ৰীড়া চিকিৎসা ইউনিট, কেন্দ্ৰীয় পুথিভঁৰাল, আই টি আৰু ষ্টাৰ্টআপ ইনকিউবেচন চেণ্টাৰ, ৫০০ আসন থকা প্ৰেক্ষাগৃহ।
স্বাস্থ্যসেৱা প্ৰদান বৃদ্ধি আৰু স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ১১ টা স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত ড্ৰ’ন সেৱা আৰম্ভ কৰে। ইয়াৰ ভিতৰত আছে-উত্তৰাখণ্ডৰ এইমছ-ঋষিকেশ, তেলেংগানাৰ এইমছ-বিবিনগৰ, অসমৰ এইমছ-গুৱাহাটী, মধ্যপ্ৰদেশৰ এইমছ-ভোপাল, ৰাজস্থানৰ এইমছ-যোধপুৰ, বিহাৰৰ এইমছ-পাটনা, হিমাচল প্ৰদেশৰ এইমছ-বিলাসপুৰ, উত্তৰ প্ৰদেশৰ এইমছ-ৰায়বৰেলী, ছত্তীশগড়ৰ এইমছ-ৰাইপুৰ, অন্ধ্ৰ প্ৰদেশৰ এইমছ-মংগালাগিৰি আৰু মণিপুৰৰ ৰিমছ-ইম্ফল।
ইয়াৰ লগতে ঋষিকেশৰ এইমছত হেলিকপ্টাৰ জৰুৰীকালীন চিকিৎসা সেৱাও আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক টিকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰে U-WIN পৰ্টেল । ইয়াৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু শিশুক (জন্মৰ পৰা ১৬ বছৰলৈকে) ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা ১২টা ৰোগৰ বিৰুদ্ধে সময়মতে জীৱন ৰক্ষাকাৰী ভেকচিন প্ৰদান কৰাটো নিশ্চিত কৰা হ’ব।
মোদীয়ে মধ্যপ্ৰদেশৰ মন্দসৌৰ, নীমুচ আৰু ছিওনীত তিনিখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে । লগতে হিমাচল প্ৰদেশৰ বিলাসপুৰ, পশ্চিম বংগৰ কল্যাণী, বিহাৰৰ পাটনা, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মধ্যপ্ৰদেশৰ ভূপাল, অসমৰ গুৱাহাটী আৰু নতুন দিল্লীৰ এইমছৰ সুবিধা আৰু সেৱা সম্প্ৰসাৰণ কৰাৰ কথা সদৰী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । সমান্তৰালভাৱে মোদীয়ে ছত্তীশগড়ৰ বিলাসপুৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত এটা ছুপাৰ স্পেচিয়েলিটি ব্লক আৰু ওড়িশাৰ বৰগড়ত এটা ক্ৰিটিকেল কেয়াৰ ব্লক উদ্বোধন কৰে।
প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত মধ্যপ্ৰদেশৰ শিৱপুৰী, ৰাটলাম, খাণ্ডৱা, ৰাজগড় আৰু মন্দসৌৰত পাঁচখন নাৰ্চিং কলেজ, হিমাচল প্ৰদেশ, কৰ্ণাটক, মণিপুৰ, তামিলনাডু আৰু ৰাজস্থানৰ ২১টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে আছে নতুন দিল্লী আৰু হিমাচল প্ৰদেশৰ বিলাসপুৰৰ এইমছৰ কেইবাটাও সুবিধা আৰু সেৱা সম্প্ৰসাৰণ ।
আন আন প্ৰকল্পৰ লগতে মোদীয়ে মধ্যপ্ৰদেশৰ ইন্দোৰত এখন ই এছ আই চি চিকিৎসালয় উদ্বোধন কৰাৰ লগতে হাৰিয়ানাৰ ফৰিদাবাদ, কৰ্ণাটকৰ বোম্মাচন্দ্ৰ আৰু নৰছাপুৰ, মধ্যপ্ৰদেশৰ ইন্দোৰ, উত্তৰ প্ৰদেশৰ মেৰুট, অন্ধ্ৰপ্ৰদেশৰ অচুতাপুৰমত ই এছ আই চি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে প্ৰায় ৫৫ লাখ ই এছ আই হিতাধিকাৰীক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তদুপৰি আজিৰ দিনটোত কেইটা প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে