প্ৰধানমন্ত্ৰীৰ আচ্ছে দিনঃ ১৫ দিনত ১৩ বাৰকৈ বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য

Share
নিউজ ডেস্ক, ৫ এপ্ৰিলঃ পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। আজিৰ দিনটোত ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৮০ পইচাকে বৃদ্ধি। সাধাৰণ জনতাক দিছে মাধমাৰ ধীৰ গতিত মাৰিছে ৰাম টাঙোন। উল্লেখ্য যে প্ৰতিদিনে প্ৰতি লিটাৰত ৮০ পইচা মানকৈ বৃদ্ধি কৰাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য মাত্ৰ ১৫ দিনতে ৯ টকাতকৈও অধিক বৃদ্ধি পালে।
দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য। ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা মূল্য বৃদ্ধিৰ সোঁত বিগত দুটা সপ্তাহত ১৩ বাৰকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০৪.৭৭ টকা আৰু ডিজেলৰ মূল্য ৯০.৫৬ টকা। 

Leave a Reply

Your email address will not be published. Required fields are marked *