১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিব কেইবাখনো চিকিৎসা মহাবিদ্যালয়

Share

১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইম্পছৰ লগতে অসমৰ তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰিব। ১৪ এপ্ৰিলৰ দিনা চাংসাৰিত এইম্পছৰ উদ্ধোধনী অনুষ্ঠানৰ পৰাই মোদীয়ে কোকৰাঝাৰ, নগাওঁ আৰু নলবাৰীত নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় তিনিখনো ভাৰ্চুৱেল মাধ্যমৰে উদ্ধোধন কৰিব। শেহতীয়াকৈ ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই ৰাষ্ট্ৰীয় চিকিৎসা আয়োগয়ে এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰিছে।

ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ, নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি দুয়োখন চিকিৎসা মহাবিদ্যালয়তে অহা ১৪ এপ্ৰিলত ভাৰ্চুৱেল উদ্ধোধনী অনুষ্ঠানৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে।কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত  বিভাগীয় মন্ত্ৰীগৰাকীয়ে ২৮ মাৰ্চত সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মা আৰু বিটিয়াৰ স্বায়ক্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়াৰ সৈতে উদ্ধোধন অনুষ্ঠানৰ সাজু কৰাৰ তদাৰক কৰে। লগতে একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *