প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ নতুন সন্মিলন কেন্দ্ৰত ‘বিকশিত ভাৰত @২০৪৭;টীম ইণ্ডিয়াৰ ভূমিকা ‘শীৰ্ষক বিষয়বস্তুৰ ওপৰত নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব।
প্ৰধানমন্ত্ৰী মোডীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্বাস্থ্য , দক্ষতা বিকাশ, মহিলা সবলীকৰণ আৰু আন্ত;গাঁথনি উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব।এই দিনজোৰা বৈঠকত আঠটা মূল বিষয়ত আলোচনা কৰা হ’ব ।বিষয়কেইটা হৈছে বিকশিত ভাৰত @২০৪৭, এম এছ এমই, আন্ত;গাঁথনি আৰু বিনিয়োগ, অনুপালন হ্ৰাস কৰা ,মহিলা সবলীকৰণ ,স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশ আৰু আঞ্চলিক উন্নয়ন আৰু সামাজিক আন্ত;গাঁথনিৰ বাবে গতি শক্তি।
উল্লেখযোগ্য যে, এই বৈঠকত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী তথা উপ-ৰাজ্যপাল কেন্দ্ৰীয় মন্ত্ৰীসকল, কৰ্তৃত্বশীল সদস্য আৰু নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যসকলে অংশগ্ৰহণ কৰিব।এই বেঠকে আন:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।