‘এম ভি গংগা বিলাস’ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Share

 গুৱাহাটী, ১৩ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ আটাইতকৈ দীঘল জাহাজ ‘এম ভি গংগা বিলাস’ ৰ ফ্লেগ অফ কৰিব। এই জাহাজখনে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ এক দীঘলীয়া নদী যাত্ৰাৰ আৰম্ভণী কৰিব আৰু ৫১ দিনত ৩,২০০ কি:মি: অতিক্ৰম কৰিব। গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ আৰম্ভ হ’ব বিলাসী জাহাজ  এম ভি গংগা বিলাস ৰ । এই এম ভি গংগা বিলাস নামৰ জাহাজখন হৈছে ভাৰতত নিৰ্মাণ কৰা প্ৰথম জাহাজ।  জাহাজখনৰ দৈৰ্ঘ্য ৬২ মিটাৰ আৰু প্ৰস্থ ১২ মিটাৰ  ।

এই জাহাজখনে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, বাংলাদেশ আৰু অসমহৈ ২৭ খন নদীৰ মাজেৰে যাত্ৰা কৰিব। বাৰাণসী, পাটনা, কলকাতা, গুৱাহাটীকে ধৰি বহুতো চহৰলৈ অতিক্ৰম কৰিব এই জাহাজখনে। এইখন জাহাজৰ প্ৰথম যাত্ৰাত ৩২ জন ছুইজাৰলেণ্ডৰ পৰ্যটকৰ সৈতে নদী যাত্ৰা আৰম্ভ হ’ব। 

Leave a Reply

Your email address will not be published. Required fields are marked *