আৰ্টিফিচিয়েল ইন্টেলিজেন্সক লৈ প্ৰধানমন্ত্ৰী মোডীৰ সকীয়নি

Share

যোৱা কালি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এ আইক লৈ এক মন্তব্য কৰে।মোডীয়ে সকলোকে সকীয়নি দি কয় যে, বৰ্তমান যুগ টেকন’লজিৰ যুগ গতিকে এ আই অৰ্থা९ আৰ্টিফিচিয়েল ইন্টেলিজেন্সই কেনেকৈ কাম কৰে এই বিষয়ে ভালদৰে জনাটো অতি জৰুৰী।এ আইৰ ব্যৱহাৰ সঠিক ৰূপত কৰিব পৰা যায়।নহ’লে একাংশ দুষ্ট চক্ৰই জানি-বুজি ভুল তথ্য বিয়পাই ব্যক্তিৰ মান বিঘ্নিত কৰিব পাৰে।

ইয়াৰোপৰি মোডীয়ে কয় যে,এটা ভিডিঅ’ত মোকো গীত গাই নাচি থকা দেখা গৈছে।এনে বহু ভিডিঅ’ এতিয়া অনলাইনত তথা ছ’চিয়েল মাধ্যমত দেখা পোৱা যায়।আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে সংবাদ মাধ্যমক আহ্বান জনাই কয় যে,এ আইৰ নেতিবাচক দিশ তথা প্ৰভাৱৰ বিষয়ে সাংবাদিক সকলে জনসাধাৰণক অৱগত কৰাওক,যাতে বেয়া আৰু ক্ষতিসাধন কৰা দিশসমূহত বাধা দিব পৰা যায়।ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে যে ডীপফেক ভিডিঅ’ প্ৰস্তুত কৰা আৰু প্ৰচাৰ কৰা লোকক এক লাখ টকাৰ জৰিমনা আৰু তিনি বছৰ জে’ল হ’ব পাৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *