প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ ইঞ্জিন হোৱাটো বিছাৰেঃ সৰ্বানন্দ সোণোৱাল

Share

আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  দেশৰ ৪৫ টা স্থানত পঞ্চম ৰোজগাৰ মেলা আয়োজন কৰিছে। ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰী মোডীয়ে ৭১ হেজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই নিযুক্তিপত্ৰ বিতৰণৰ চাকৰি মেলা অনুষ্ঠানতো দেশৰ ৪৫ টা স্থানৰ ভিতৰত গুৱাহাটীতো আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। গুৱাহাটীত আয়োজন কৰা ৰোজগাৰ মেলা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৱক দেশৰ ইঞ্জিন হিচাপে পৰিকল্পনা কৰে”। তেওঁ লগতে উল্লেখ কৰে যোৱা ন বছৰত উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যত অগ্ৰগতি লাভ কৰিছে।

ৰোজগাৰ মেলা উপলক্ষে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ২১৭ জন প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ মেলা ২০২৪ চনৰ ভিতৰত ১০ লাখ চাকৰি প্ৰাপ্ত কৰাৰ দিশত পদক্ষেপ লৈছে।উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে ২.৯ লাখ লোকক নিযুক্তি প্ৰদান কৰিছে আৰু  আজি ৭১ হাজাৰক নিযুক্তি প্ৰদান কৰিছে মোডীয়ে।  

ৰোজগাৰ মেলা হৈছে নিযুক্তিক সৰ্ব্বোচ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতি পূৰণৰ দিশত লোৱা এক পদক্ষেপ। ৰোজগাৰ মেলাই অধিক নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত যুৱসমাজক সৱলীকৰণ কৰা আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *