শুক্ৰবাৰে জাপানৰ হিৰোচিমা পাৰামাণৱিক বোমা গম্বুজৰ সমীপৰ পীচ পাৰ্কত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিৰ উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।জি -৭ সন্মিলনৰ দ্বিতীয় দিনৰ পূৰ্বে শনিবাৰে হিৰোচিমা পীচ পাৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে।লগতে ভাৰত আৰু জাপানৰ বন্ধুত্বৰ প্ৰতীক হিচাপে হিৰোচিমা চহৰক উপহাৰ দিয়ে।এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে , ৪২ ইঞ্চি উখ ব্ৰঞ্জৰ আৱক্ষ মুৰ্তিটো পদ্মভূষণ বঁটা বিজয়ী ৰাম ভাঞ্জী সুতাৰ ভাস্কৰ্য্য ৰুপত নিৰ্মাণ কৰিছে।
মট’য়াছু নদীৰ কাষতে থকা এই বাষ্ট ছাইটটো আইকনিক পাৰমাণৱিক বোমা গম্বুজৰ ওচৰত যিটো প্ৰতিদিনে হাজাৰ হাজাৰ লোকে – স্থানীয় লোক আৰু পৰ্যটকে – ভ্ৰমণ কৰে।শান্তি আৰু অহিংসাৰ বাবে সংহতিৰ চিন হিচাপে স্থানটো বাছি লোৱা হৈছে, যিহেতু মহাত্মা গান্ধীয়ে শান্তি আৰু অহিংসাৰে নিজৰ জীৱন উৎসৰ্গা কৰিছিল সেই নীতিয়ে পৰ্যটক সকলকো উৎসৰ্গা কৰাৰ উদ্দেশ্যে এই উদ্যানখন উন্মোচন কৰে ।
এই উন্মোচনী অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আছিল প্ৰধানমন্ত্ৰীৰ বিশেষ উপদেষ্টা তথা সংসদৰ সদস্য নাকাটানি জেন; হিৰোচিমা চহৰৰ মেয়ৰ কাজুমি মাটছুই আৰু হিৰোচিমা চহৰৰ বিধানসভাৰ অধ্যক্ষ তাটছুনোৰী মটানি।হিৰোশ্বিমাৰ সংসদৰ সদস্য আৰু চৰকাৰী জ্যেষ্ঠ বিষয়া; আৰু ভাৰতীয় সমাজৰ সদস্যসকলো এই অনুষ্ঠানত উপস্থিত থাকে।