বনতাৰা উদ্ধোধনৰ বাবে গুজৰাটত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Share

দীৰ্ঘ দিনীয়া অপেক্ষাৰ পিছত আজি মুকলি কৰা হয় বনতাৰা। আজি বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ উদ্ধোধন আৰু পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। গুজৰাটৰ জামনগৰ শোধনাগাৰৰ চৌহদত ৩,৫০০ একৰ ভূমিত নিৰ্মাণ কৰি উলিওৱা হৈছে এই বন্য প্ৰাণী সংৰক্ষণ কেন্দ্ৰটো। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আঘাতপ্ৰাপ্ত প্ৰাণীসমূহ আশ্ৰয় দিয়া হৈছে বনতাৰাত। বৰ্তমান ২০০০ৰো অধিৰ প্ৰজাতিৰ প্ৰাণীৰ বাবে আশ্ৰয়ৰ স্থল হৈ পৰিছে এই ‘বনতাৰা’ বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ। ইয়াৰোপৰি বিপন্ন প্ৰজাতিৰ প্ৰাণীসূহকো অন্তৰ্ভূক্ত কৰা হৈছে বনতাৰাৰ। প্ৰধানমন্ত্ৰী মোডীয়ে বনতাৰা পৰিদৰ্শন কৰাৰ লগতে বনতাৰাত অৱস্থিত পশু চিকিৎসালয় পৰিদৰ্শন কৰে য’ত পশুসমূহৰ বাবে MRI, CT SCAN, ICU আদিৰ দৰে অত্যাধুনিক চিকিৎসা-ব্যৱস্থা উপলভ্য হোৱাৰ লগতে Wildlife Anesthesia, Cardiology, Nephrology, Endoscopy, Dentistry, Internal medicine আদিকে ধৰি একাধিক বিভাগো উপলব্ধ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *