বিশ্বকাপ ফাইনেলত এইবাৰ একেলগে খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডী আৰু  অমিত শ্বাহে

Share

১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফাইনেল।আইচিচি এদিনীয়া বিশ্বকাপ ফাইনেল অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া খেলখনৰ বাবে দেশবাসীৰ লগতে ক্ৰিকেট প্ৰেমীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে।  

   এইবাৰ প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশ্বকাপ ফাইনেল খেলখন একেলগে উপভোগ কৰিব বুলি জানিব পৰা গৈছে লগতে এই খেল উপভোগ কৰিবলৈ ভাৰতে নিমন্ত্ৰণ দিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী অল্বনীজ আৰু উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লচক।
জানিব পৰা মতে দেওবাৰে ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব  বিশ্বকাপ ফাইনেল। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা চেমিফাইনেলত নিউজিলেণ্ডক  পৰাস্ত কৰি ভাৰতে ফাইনেল পৰ্যায়লৈ যোৱাৰ পিছতে এতিয়া বিশ্বকাপৰ খিতাপ ভাৰতে দখল কৰিব পাৰিবনে নাই তাক লৈ দেশবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *