প্ৰধানমন্ত্ৰীৰ ঘোষণা:একক ব্যৱহৃত প্লাষ্টিক বন্ধ হব ভাৰতত

Share

গুৱাহাটী,১২ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰসংঘ আৰু বিশ্ব বেংকৰ সহযোগত ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সে আয়োজন কৰা”এক মহাসাগৰ সন্মিলনত” অংশ কৰি প্ৰধানমন্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে ভাৰতত অতি শীঘ্ৰেই বন্ধ কৰা হব এবাৰ ব্যৱহৃত হোৱা প্লাষ্টিক৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে আমি এটা বিশেষ সংন্থাক সাগৰৰ পৰা পেলনীয়া প্লাষ্টিক সমূহ চাফ চিকুণ কৰিবলৈ নিৰ্দেশ দিছো লগতে তেওঁ কয় যে এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ফ্ৰান্সৰ সৈতে যোগদান কৰিবলৈ ভাৰত সুখী হব৷
ভাৰতত ইতিমধ্যে ৩ লাখ যুৱক-যুৱতীয়ে ১৩ টন পেলনীয়া প্লাষ্টিক গোটাইছে।তেওঁ কয় যে ভাৰতে ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা প্লাষ্টিক অথবা অন্যান্য জাবৰ ছাফ কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাইছে লগতে কয় যে,ভাৰতত সদায় সামুদ্ৰিক সভ্যতা দেখিবলৈ পোৱা যায়। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু সাহিত্যত সামূদ্ৰিক জীৱনৰ লগতে মহাসাগৰৰ বিভিন্ন উপহাৰৰ বিষয়ে কোৱা হৈছে।আমাৰ সুৰক্ষা আৰু সমৃদ্ধি মহাসাগৰৰ লগত জড়িত।লগতে ভাৰতৰ ইণ্ডো-পেচিফিক ওচিয়ন ইনিচিয়েটিভৰ মুখ্য স্তম্ভ হল সামুদ্ৰিক সম্পদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *