উৰণীয়া সেতু নিৰ্মাণেৰে কাজিৰঙাত বন্য প্ৰাণী সংৰক্ষণৰ পৰিকল্পনা

Share

কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেঁতু।কেন্দ্ৰীয় পৰিবহনমন্ত্ৰী নিতিন গাডকাৰীৰ নিৰ্দেশনাত এই কথা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেঁতু।

সঞ্চালক গৰাকীয়ে প্ৰকাশ কৰা মতে,পৰ্যটনৰ ওপৰত ভিত্তি কৰি আকৰ্ষণীয় ভাৱে সুৰংগ আৰু বন্যপ্ৰাণীৰ নিৰাপত্তা দিশটোৰ ওপৰত লক্ষ্য ৰাখি কাজিৰঙাত উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ বাবে যতীন্দ্ৰ শৰ্মাই  নিৰ্দেশনা  জাৰি কৰিছে।

এই কাৰ্যৰ বাবে তিনি মাহৰ ভিতৰত প্ৰাক কলন দাখিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰী গৰাকীয়ে ,আৰু এই কাম কাজ সমূহ লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত দিয়াৰ উপৰিও অভিজ্ঞ কোম্পানীসমূহক ইয়াৰ দায়িত্ব অৰ্পণ কৰিব বুলি ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে ।

    

Leave a Reply

Your email address will not be published. Required fields are marked *