গোলাঘাটত পুনৰ উদ্ধাৰ হয় পিষ্টল

Share
এলিজা মৰান, ২৩ ছেপ্টেম্বৰঃ গোলাঘাটত প্ৰতিদিনে উদ্ধাৰ হয় আছে পিষ্টল। মংঙ্গবাৰে এৰেঙাপাৰাত এজন যুৱকৰ হাতৰ পৰা পিষ্টল উদ্ধাৰ হোৱাৰ পাছত পুনৰ বুধবাৰে নিশা কছাৰীহাটত দুই যুৱকৰ পৰা উদ্ধাৰ হৈছে এটা 9MM পিষ্টল । বৰ্তমান দুই গৰাকী যুৱক গোলাঘাট আৰক্ষীৰ জিম্মাত আছে।
কছাৰীহাটৰ দুই যুৱকৰ নাম হৈছে ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন। জানিব পৰা মতে নিজ বইলাৰ দোকানত লুকুৱাই ৰাখিছিল পিষ্টলটো।
 গোলাঘাটৰ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পিষ্টলটো আৰু লগতে ২জাঁই সজীৱ 9MM গুলী আৰু ১০ জাঁই সজীৱ 22 গুলী উদ্ধাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *