মেট্ৰিক পৰীক্ষা বাতিলক লৈ মন্তব্য পিযুষ হাজৰিকাৰ

Share

সোমবাৰে অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ বাবে বাতিল হয় বিজ্ঞানৰ পৰীক্ষা ।পৰীক্ষা বাতিল হোৱা পাছতেই সমগ্ৰ ৰাজ্য়ত বহু দল- সংগঠনে প্ৰতিবাদ সাৱস্ত্য় কৰা দেখা গৈছে ।লগতে ছেবা কৰ্তূপক্ষ আৰু ৰনোজ পেগুৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে সমগ্ৰ  ৰাজ্য। এই সন্দৰ্ভত পিযুষ হাজৰিকাৰ মন্তব্য , এয়া অতি গৰিহণা যোগ্য, যিয়ে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হব ।

 তেওঁ এই কথাওঁ উল্লেখ কৰে  ছাত্ৰ ছাত্ৰীক এই অৱস্থা যিয়ে  কৰিছে তাৰ পাপ লাগিব ।লগতে কয়  আমি বিষয়টো ওপৰত গুৰুত্ব সহকাৰে লৈছো ,সকলো বিষয় অতি সোনকালে  তদন্ত হব । কোনো দুষ্ট চক্ৰই চৰকাৰক বদনাম কৰিবলৈ এনে কাম কৰে বুলি সন্দেহ প্ৰকাশ কৰে হাজৰিকাই ।দোষ মানি লৈ তেওঁ কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো এনে ভুল হব নালাগিছিল । 

Leave a Reply

Your email address will not be published. Required fields are marked *