ফাইজাৰৰ পৰীক্ষা : ৫ বছৰৰ শিশুৱে পাব ভেকচিন

Share

তৃষ্ণা দাস,২১ ছেপ্তেম্বৰ ঃ ফাইজাৰ আৰু বায়’এনটেকে সদৰী কৰা ক্লিনিকেল পৰীক্ষাত ৫ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে ক’ভি়ড ভেকচিন নিৰাপদ হিচাপে চিহ্নিত হৈছে। সেহেয়ে কোম্পানী দুটাই শীঘ্ৰেই অনুমোদন বিচাৰিব ভেকচিন সংস্থাৰ ওচৰত।

আমেৰীকাৰ দৰব প্ৰস্তুত কোম্পানী ফাইজাৰ আৰু ইয়াৰ সহযোগী জাৰ্মাণ বায়’এনটেকে সদৰী কৰা অনুসৰী এই ভেকচিন শিশুসকলক ক’ভিড মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব । শিশুৰ বাবে ভেকচিনৰ ক্লিনিকেল পৰীক্ষা চলোৱা সবিশেষ তথ্য শীঘ্ৰে ইউৰোপীয় সংঘৰ নিয়ামক সংস্থাসমূহক দাখিল কৰিব বুলি উল্লেখ কৰিছে।

দুয়োটা সংস্থাই ঘোষণা কৰে যে যদি ইউৰোপীয় সংঘ আৰু আমেৰিকাই অনুমোদন জনাই তেন্তে শীঘ্ৰে ৫ বছৰ বয়সৰ উৰ্ধ্বৰ শিশুসকলক সমগ্ৰ বিশ্বত ক’ভি়ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *