ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি,যাত্ৰীবাহী বাহনৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ

Share

ৰাজ্যত যাত্ৰীবাহী বাহনৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ। সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত যাত্ৰীবাহী যান-বাহনৰ ভাড়া বৃদ্ধি সন্দৰ্ভত চৰকাৰক আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে।

দেশৰ লগতে ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, টোলগেটত ১৫ শতাংশ অধিক টোল কৰ আদায় দিবলগীয়া হোৱা বাবে যাত্ৰীবাহী যান-বাহন উদ্যোগটো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ’বলগীয়া হৈছে বুলি সদৌ অসম মটৰ পৰিবহণ সন্থাই উল্লেখ কৰে।

অসমৰ পৰিবহণ উদ্যোগক এনে ৰুগ্ন অৱস্থাৰ পৰা গতিশীল কৰাৰ স্বাৰ্থত যাত্ৰীবাহী বাহনৰ ভাড়া কমপক্ষেও ৭০ শতাংশ শীঘ্ৰে বৃদ্ধি কৰিব লাগে বুলিও সদৌ অসম মটৰ পৰিবহণ সন্থাই চৰকাৰৰ ওচৰত দাবী জনায়।

ইয়াৰোপৰি, যান-বাহনৰ টায়াৰ, বেটাৰী, স্পেয়াৰ পাৰ্টছ আদিৰ ক্ষেত্ৰত লেকামবিহীনভাৱে মূল্য বৃদ্ধি হোৱাৰ ফলতো অসমৰ যাত্ৰীবাহী মটৰ উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে যাৰফলত ৰাজকোষৰ ৩৫ শতাংশ কৰ-কাটল আগবঢ়োৱা ৰুগ্ন পৰিবহণ উদ্যোগটোৰ সংকটমোচনৰ অৰ্থে বলিষ্ঠ পদক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও সন্থাই সদৰী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *