অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ পাৰদৰ্শিতা বটাঁ

Share

ডিজিটেল ডেস্কঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস চাৰিগৰাকী আৰক্ষী লৈ পাৰদৰ্শিতা বটাঁ। অসমৰ চাৰিগৰাকী বিষয়াই দক্ষতাৰে চলোৱা অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আগবঢ়োৱা পাৰদৰ্শিতাৰ বটাঁ লাভ কৰিছে। অসমৰ এই বটাঁ লাভ কৰা হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাস, হোজাই সদৰৰ উপ-আৰক্ষী অধীক্ষক  ৰ’জী তালুকদাৰ, ডিমা হাছাও জিলাৰ সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহৰ পাৰদৰ্শিতা বটাঁ লাভ  কৰিছে। 

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১ গৰাকী আৰক্ষী বিষয়ালৈ স্বাধীনতা দিৱসৰ দিনা এই সন্মান প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

Leave a Reply

Your email address will not be published. Required fields are marked *