জনতাৰ প্ৰতিবাদ : ২৪ ঘন্টাৰ ভিতৰত বাতিল হ’ল এপিডিচিএলৰ জাননী

Share

ৰাজ্য চৰকাৰৰ অধীনত  অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি কৰাৰ জাননী প্ৰকাশ কৰাৰ পিছতে ২৪ ঘন্টাৰ ভিতৰতে বাতিল কৰা হয় এই জাননী ।পৰিৱৰ্তী সিদ্ধান্ত নোহোৱালৈকৈ বাতিল কৰিলে মাচুল বৃদ্ধি হোৱাৰ জাননী এই কথা সদৰি কৰিলে এপিডিচিএলে । অহা ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰ্যন্তলৈকে বৰ্ধিত হাৰত বিদ্যু মাচুল আদায় দিব লাগিব বুলি  এই জাননীত জাৰি কৰিছিন এপিডিচিএলে ।এপিডিচিএলৰ এই বিদ্যতৰ মাচুলৰ বৃদ্ধিৰ জাননীক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছিল । এই প্ৰতিক্ৰিয়াৰ মাজত ২৪ ঘন্টাৰ ভিতৰত এপিডিচিএলে সলনি কৰিলে সিদ্ধান্ত  । পুনৰ এক জাননী জাৰি কৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথাত সদৰি কৰে এপিডিচিএলে । উল্লেখ্য যে এপিডিচিএলে প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল ৩০ পইচাৰ পৰা সলনি কৰি একেবাৰে ৭৯ পইচালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এপিডিচি এলে জাননীত উল্লেখ কৰা মতে ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *