আজি ধনতেৰাজ।পোহৰৰ উ९সৱ দিপাৱলীলৈ মাজত মাথো কেইটামান দিন।শৰ९ কালৰ কাতি মাহৰ অমাবস্যা তিথিত পোহৰৰ উ९সৱ দিপাৱলী পালন কৰা হয়।দিপাৱলী পালনৰ মূল উদ্দেশ্য হ’ল ই এন্ধাৰৰ বিৰুদ্ধে পোহৰ কৰা,বেয়াৰ বিৰুদ্ধে ভাল,অজ্ঞানৰ বিৰুদ্ধে জ্ঞানক প্ৰতিনিধিত্ব কৰা।দিপাৱলীৰ সময়ত ঘৰ-দুৱাৰ,কাৰ্যালয়,মন্দিৰ আদি নানা আলোকেৰে সজাই তোলা হয়।ইয়াৰ লগতে বোমা,ফটকা ফুটাই আনন্দ উল্লাহেৰে উদযাপন কৰে দিপাৱলী।দিপাৱলী এক ধৰ্মীয় অনুষ্ঠান।দিপাৱলীৰ সময়ত সকলোৱে ঘৰ,কৰ্মস্থান চাফ-চিকুণ,পুনৰ নিৰ্মাণ আৰু সুন্দৰ্য বৰ্ধনত ব্যস্থ হৈ পৰে।দিপাৱলীত ভাগ্য পৰীক্ষাৰ খেল অনুষ্ঠিত কৰা হয়।আত্মীয় স্বজনকে ধৰি ওচৰ চুবুৰীয়াক মিঠাই আৰু উপহাৰ দিয়াৰ নিয়ম আছে।দিপাৱলীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰতে মিঠা তেলেৰে মাটিৰ চাকি,মম আৰু ৰঙীন আলোকেৰে সজাই তোলে নিজৰ ঘৰখন।দিপাৱলী সময়ৰ পৰাই নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণী হয়।নতুনকৈ ব্যৱসায় বাণিজ্য আৰম্ভ কৰে ব্যৱসায়ী সকলে।দিপাৱলীৰ সময়ত সাবধানতাৰ বাবে চৰকাৰ প্ৰশাসনে নিৰ্দেশনা জাৰী কৰিছে।গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিঙঘালে সংবাদ মাধ্যমৰ জৰিয়তে কয় যে, ৰাজ্যবাসীক থলোৱা সামগ্ৰীৰে সেউজ দিপাৱলী পালন কৰক।যিহেতু থলোৱা শিল্পী সকলে দিপাৱলীৰ সেউজ সামগ্ৰীসমুহ প্ৰস্তুত কৰে,তেওঁলোকৰ চাহিদা বৃদ্ধি কৰিবলৈ এই থলোৱা সামগ্ৰীসমুহ ক্ৰয় কৰাৰ আহ্ববান জনালে ৰাজ্যবাসীক।এফালে বজাৰত বিদেশী আলোকৰ সা-সামগ্ৰীৰে ভৰি পৰিছে,তেনেস্থলত থলোৱা সামগ্ৰীৰ বিক্ৰী কম হয়।লক্ষ্যণীয় কথা যে,গ্ৰাহকেও বজাৰত বিদেশী সামগ্ৰী কম মূল্যত ক্ৰয় কৰা পৰিলক্ষিত হয়।যাৰ ফলত থলোৱা ব্যৱসায়ী সকল কিছু থমকি ৰয়।