টি-২০ মেচৰ পৰা ৰিয়ান পৰাগ বঞ্চিত হোৱাত হতাশ অসমবাসী

Share

গুৱাহাটী,২৮ নৱেম্বৰঃআজি বৰ্ষাপাৰাত অনুষ্ঠিত হৈছে তৃতীয়খন টি-২০ মেচ।কিন্তু মেচখনক লৈ এইবাৰ হতাশ দেশৰ ক্ৰিকেটপ্ৰেমী।কাৰণ সকলোৱে আশা কৰিছিল যে এইবাৰ ভাৰতীয় দলত ৰিয়ান পৰাগেও স্থান পাব।কিন্তু টি-২০ মেচৰ পৰা ৰিয়ান পৰাগ বঞ্চিত হোৱাত হতাশ অসমবাসী।ৰিয়ান দলত থকা হ’লে বৰ্ষাপাৰাৰ পৰিৱেশেই সম্পূৰ্ণ বেলেগ হ’লহেঁতেন আৰু মেচৰ আমেজো বেলেগ হ’ল হয়।কিন্তু এতিয়া সেই আমেজৰ পৰা ৰিয়ানৰ লগত অসমৰ ৰাইজো বঞ্চিত হ’ল।ৰিয়ান নাথাকিলেও মেচখনৰ আকৰ্ষণ আছে,কিন্তু উত্তাপ নাই।আনহাতে অহা বৰ্ষত হ’ব টি-২০ বিশ্বকাপ।মাজত মাত্ৰ ৮ মাহ।এই শৃংখলাৰ পৰাই প্ৰাথমিক প্ৰস্ত্ততি আৰম্ভ কৰিছে টীম ইণ্ডিয়াই।এই দলটোৰ অধিকাংশ খেলুৱৈ সমাগত বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভৰ অন্যতম দাবীদাৰ।আনহাতে অষ্ট্ৰেলিয়াৰ দ্বিতীয় শাৰীৰ দলৰ বিৰুদ্ধে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ এয়াই সুবৰ্ণ সুযোগ ভাৰতীয় দলৰ।যশস্বী জয়ছোৱাল,ৰিংকু সিং,তিলক বাৰ্মাৰ দৰে প্ৰতিভাৱানৰ ওপৰত নজৰ ৰাখিব নিৰ্বাচক মণ্ডলীয়ে।টি-২০ ক্ৰিকেটত নতুন চাঞ্চল্য হিচাপে ৰিংকু সিঙৰ বিস্ফোৰক বেটিঙে সকলোৰে মন জয় কৰিছে।আজি কেৱল ৰিংকু সিঙেই হ’ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

ইতিমধ্যে ২-০ৰ অগ্ৰগতি লোৱা ভাৰতে বৰ্ষাপাৰাতে শৃংখলা হস্তগত কৰাৰ লক্ষ্যত নামিছে।বৰ্ষাপাৰাৰ উইকেট বেটিংৰ স্বৰ্গভূমি।টছে মেচত কোনো প্ৰভাৱ নেপেলায়।অৱশ্যে নিশাৰ ভাগত কুঁৱলীৰ ফলত দ্বিতীয় ইনিংছত বলিং কৰা দল কিছু সমস্যাত পৰিব পাৰে।দুই শত্যাধিক ৰানৰ টাৰ্গেট নহ’লে মেচ জিকা কঠিন হ’ব পাৰে।ভাৰতৰ টপ অৰ্ডাৰ দুৰ্দান্ত ফৰ্মত।দ্বিতীয় মেচত প্ৰথম তিনিগৰাকী বেটাৰে অৰ্ধশতক কৰাই ইয়াৰ প্ৰমাণ।বলিং কিছু চিন্তাৰ কাৰণ।অষ্ট্ৰেলিয়াৰ বেটিং যথেষ্ট শক্তিশালী।অষ্ট্ৰেলিয়াৰ তুলনাত বেটিং সিমানেই দুৰ্বল।এই বলিঙেৰে ভাৰতৰ বেটিং ধ্বংস কৰা অসম্ভৱ।বৰ্ষাপাৰাৰ বেটিং বান্ধৱ উইকেটত পুনৰ কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব অষ্ট্ৰেলিয়াৰ বলিং।বিশ্বকাপ জয় কৰাৰ পিছত এনে শৃংখলাত মনঃসংযোগ কৰা কঠিন কাম।বৰ্ষাপাৰা অষ্ট্ৰেলিয়াৰ বাবে সৌভাগ্যৰ কেন্দ্ৰ।অন্তিম টি-২০ মেচত অষ্ট্ৰেলিয়াই হেৰুৱাইছিল তাৰকাসমৃদ্ধ ভাৰতক।শৃংখলা জীয়াই ৰাখিবলৈ বৰ্ষাপাৰাই অষ্ট্ৰেলিয়াৰ অন্তিম সম্বল।অষ্ট্ৰেলিয়া সদায়েই বিপজ্জনক দল।সুযোগ দিলেই আঘাত কৰিব ভাৰতক টি-২০ মেচ মানেই ছিক্সাৰ-বাউণ্ডেৰীৰ বৰষুণ নিশ্চিত।বৰ্ষাপাৰাই কাকো নিৰাশ নকৰে।মাত্ৰ এতিয়া অপেক্ষা আজিৰ মেচখনত কোনটো দলে কৰিব জয়লাভ।   

Leave a Reply

Your email address will not be published. Required fields are marked *