মুল্যবৃদ্ধিৰ জুইত দগ্ধ জনতা

Share

মুল্যবৃদ্ধিত কোঙা জনতা।অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মুল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যৰ সাধাৰণ গ্ৰাহকক। দামবৃদ্ধি হৈছে আলু-পিয়াজ,নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ। দিশহাৰা হৈ পৰিছে খাটিখোৱা জনতা। বজাৰত প্ৰৱেশ কৰাৰ পূৰ্বে হেজাৰবাৰ ভাবিবলগীয়া হৈছে গ্ৰাহকে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে বিদ্যুতৰ স্মাৰ্ট মিটাৰে হাৰাশাস্তিত ভোগাইছে সাধাৰণ জনতাক। উল্লেখ্য যে পৰিস্থিতি এনে পৰ্যায় পাইছে যে গুৱাহাটীৰ বজাৰত প্ৰতিকেজি আলুৰ দামে স্পৰ্শ কৰিছে ”হাফ চেঞ্চুৰী”। মচুৰ দাইলৰ দামো বৃদ্ধি পাইছে ১০ টকা পৰ্যন্ত।লগতে দাম বৃদ্ধি হৈছে প্ৰতিকেজি পিয়াঁজ,কেঁচা জলকীয়া,আদা, নহৰু আদি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ। মুঠৰ ওপৰত মুল্যবৃদ্ধিত দগ্ধ হৈছে সৰ্বসাধাৰণ।বিশেষকৈ লোকসভা নিৰ্বাচনৰ পৰবৰ্তী পৰ্যায়ত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা দামে গ্ৰাহকক বিপাঙত পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *