পৱন কুমাৰ বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব

Share

নিউজ ডেস্ক,১২ আগষ্টঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব পৱন কুমাৰ বৰঠাকুৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৱন কুমাৰ বৰঠাকুৰৰ নিযুক্তিত অনুমোদন দিয়ে। তাৰ পাছতেই অধিসূচনা জাৰি কৰে কৰ্মচাৰী বিভাগে। চলিত মাহৰ ৩১ তাৰিখে বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ পাছতেই সেইদিনাই মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে। পৱন কুমাৰ বৰঠাকুৰ হ’ল এগৰাকী জ্যেষ্ঠ আই এছ বিষয়া। উল্লেখ্য যে , মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰালৈকে মুখ্য সচিবৰ দায়িত্বত বিশেষভাৱে কৰ্তব্যৰত বিষয়া হিচাপে দায়িত্ব দিয়া হৈছে পৱন কুমাৰ বৰঠাকুৰক। 

উল্লেখযোগ্য যে পৱন কুমাৰ বৰঠাকুৰে কাছাৰ  উপায়ুক্ত , ঢকুৱাখানাৰ মহকুমাধিপতি আৰু কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰণালয়ত যুটীয়া সচিব আৰু এপেডাৰ অধ্যক্ষ হোৱাৰ উপৰিও ৰাজ্য প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিভিন্ন পদবীত  কাৰ্যনিৰ্বাহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *