এক আৰম্বৰ পূৰ্ণ অনুষ্ঠানৰ মাজেৰে সামৰণি পৰিল সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ পেৰিছ অলিম্পিক ২০২৪। ষ্টেট ডি ফেঞ্চত লক্ষাধিক দৰ্শকৰ উপস্থিতিত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ভাৰতৰ ধ্বজা বাহকৰ দায়িত্ব পালন কৰে পেৰিছ অনিম্পিকত দুটাকৈ পদক দখল কৰা মহিলা স্ৰোতাৰ মনু ভাকৰ আৰু পুৰুষ হকী দলৰ গ’ল্ড ৰক্ষক পি আৰ শ্ৰী জেশে। পেৰিছ অনিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জ সহ মুঠ ৬টা পদকেৰে সামগ্ৰিক পদক তালিকাত ৭১ সংখ্যক স্থানত থাকে ভাৰত। আনহাতে প্ৰতিযোগিতাত আমেৰিকাই লাভ কৰে শীৰ্ষ স্থান। ৪০ টা সোণৰ পদক,৪৪ টা ৰূপৰ পদক আৰু ৪২ টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ ১২৬ টা পদক লাভ কৰি আমেৰিকাই শীৰ্ষ তালিকাত থকাৰ বিপৰীতে চীনে ৪০ টা সোণৰ পদক,২৭ টা ৰূপৰ পদক,২৪ টা ব্ৰঞ্জৰ পদকেৰে ৯১ টা মুঠ পদক লাভ কৰে। ইয়াৰ ওপৰি জাপানে ২০ টা সোণৰ পদক,১২ টা ৰূপৰ পদক,১৩ টা ব্ৰঞ্জৰ পদক লাভেৰে সৰ্বমুঠ ৪৫ টা পদক লাভ কৰাৰ বিপৰীতে অষ্টেলিয়াই ১৮ টা সোণৰ পদক,১৯ টা ৰূপৰ পদক,আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভেৰে মুঠ ৫৩ টা পদক লাভ কৰাৰ ওপৰি ফ্ৰাঞ্চে ১৬ টা সোণৰ পদক,২৬ টা ৰূপক পদক,আৰু ২২ টা ব্ৰঞ্জৰ পদক লাভেৰে সৰ্বমুঠ পদক লাভ কৰে ৬৪ টা। ইয়াৰ পিছত পৰবৰ্তী গ্ৰীষ্মকালীন অলিম্পিক ২০২৮ চনত লচ এঞ্জেল্চত অনুষ্ঠিত হ’ব। উল্লেখ যোগ্য যে ১৯৩২ আৰু ১৯৮৪ চনৰ পাছত লচ এঞ্জেলচে তৃতীয় বাৰৰ বাবে অলিম্পিকৰ আযোজন কৰিব। পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ সকলৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে তেওঁলোকক লৈ গৌৰবান্বিত প্ৰতিজন ভাৰতীয়। পদক জয়ৰ কঠোৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অনাগত দিনৰ বাবেও শুভকামনা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ।