পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষনা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

Share

অৱশেষত পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক অবৈধ ঘোষনা কৰিলে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে । শুক্ৰবাৰে এই সন্দৰ্ভত পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ  উমৰ আতা বন্দিয়ালে পাকিস্তানৰ প্ৰাক্তন  প্ৰধান মন্ত্ৰীজনক বেআইনী ভাবে গ্ৰেপ্তাৰ কৰা বুলি  ৰায় প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশজনে দিয়া শুনানিত উমৰ আতা বান্দিয়ালে কয় যে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা ন্যায়ালয়ৰ কোনো অনুমতি অবিহনে ইমৰান খানক বেআইনী ভাবে বলপুৰ্বক গ্ৰেপ্তাৰ কৰি লৈ যোৱা  কাৰ্য এক বেআইনী কাৰ্য আৰু ই ভবিষ্যতে পাকিস্তানৰ নেছনেল একাউণ্টেবিলিতি ব্যুৰক এনে কাৰ্যৰ পুনৰাবৃত্তিৰ বাবে উৎসাহ যোগাব । কেৱল এয়াই নহয় উচ্চতম ন্যায়ালয়ে দিয়া লিখিত নিৰ্দেশটোত এই কথাও উল্লেখ আছে যে এনে কাৰ্যই প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ ন্যায়ৰ স্বাধীনতাও খৰ্ব কৰিছে।

উল্লেখ্য যে ইমৰাণ খানক পাকিস্তানৰ অৰ্ধ-সামৰিক বাহিনীয়ে মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয় চৌহদৰ  পৰা   বলপুৰ্বকভাবে টানি আজুৰি গ্ৰেপ্তাৰ কৰিছিল । এই গ্ৰেপ্তাৰৰ পিছতে দেশ খনত ধৰ্ণা প্ৰতিবাদেৰে উত্তাল হৈ পৰিছিল ইছলামাবাদকে ধৰি পাকিস্তানৰ চৌপাশ । এই প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে শতাধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো লোকক গুলিয়াই হত্যা কৰাৰ ভি ডি অই সমগ্ৰ পৰিবেশ উত্তাল কৰি ৰাখিছিল  । এই পৰিস্থিতিত  দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছিল বিষয়টিত । দেশখনৰ  উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত এতিয়া অপেক্ষা মাথো ইমৰান খান আৰু পাকিস্তানৰ ভবিষ্যৎ সন্দৰ্ভত  বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কি সিদ্ধান্ত লয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *