উত্তপ্ত হৈ পৰিছে পাকিস্তানৰ উত্তৰ পশ্চিম খাইবাৰ পাখটুনখাৱা প্ৰদেশ।পুনৰ এবাৰ পাকিস্তানৰ ইছলাম ধৰ্মৰ চিয়া আৰু চুন্নী সম্প্ৰদায় দুটাৰ মাজত আৰম্ভ হৈছে ধৰ্মীয় হিংসা। যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা ভূমিকেন্দ্ৰিক এই ধৰ্মীয় হিংসাত এতিয়ালৈকে পাকিস্তানৰ খাইবাৰ পাখটুনখাৱা প্ৰদেশৰ ২৫ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে লগতে প্ৰায় অৰ্ধ শতাধিক লোক আহত হৈছে।আৰক্ষীৰ হাজাৰ চেষ্টাৰ পিছতো নিয়ন্ত্ৰণলৈ আনিব পৰা নাই পাকিস্তানৰ পৰিস্থিতি।
যোৱা জুলাই মাহতো পাকিস্তানত চিয়া-চুন্নীৰ মাজত চলিছিল ধৰ্মীয় বিবাদ,যি বিবাদত ৫০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে প্ৰায় দুই শতাধিক লোক আহত হৈছিল। উল্লেখযোগ্য যে,২০৪ নিযুত জনসংখ্যাৰ মাত্ৰ ১৫ শতাংশ চিয়া মুচলমানক পাকিস্তান চৰকাৰে সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বাবে ইৰানে পাকিস্তানক তীব্ৰ ভাষাৰে সমালোচনা কৰে।