পাকিস্তানত প্ৰৱল ভূমিকম্পঃ মৃত্যু ২০ জনৰ

Share

বন্দনা হাজৰিকা , অক্টোবৰ ৭ঃপ্ৰৱল ভূমিকম্পই জোকাৰি গ’ল পাকিস্তান।দক্ষিন পাকিস্তানত আজি মাজনিশা প্ৰায় ৩ মান বজাত ৫.৭ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰনি অনুভূত হয়।পাকিস্তানৰ চৰকাৰী তথ্য অনুসৰি এই ভূমিকম্পৰ ফলত প্ৰায় ২০ জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , নিহত হোৱা লোকসকলৰ ভিতৰত ৬টাকৈ শিশুও আছে।দক্ষিণ পাকিস্তাণত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগলৈকে এই কম্পন অনুভূত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *