২০২৪ বৰ্ষত ৩ গৰাকী সুযোগ্য় ব্য়ক্তিক পদ্ম বিভূষণ, ৮ গৰাকী ব্য়ক্তিক পদ্ম ভূষণ আৰু ৫৫ গৰাকী স্বনামধন্য় ব্য়ক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।দেশৰ সৰ্বোচ্চ সন্মান ‘পদ্ম’ বঁটা সমূহ কলা, সমাজ সেৱা , বিজ্ঞান আৰু আভিযান্ত্ৰিক বাণিজ্য় আৰু উদ্যেগ, ঔষধ, সাহিত্য় আৰু শিক্ষা, ক্ৰিয়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্ৰদান কৰা হয়। সোমবাৰে এই পদ্ম বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতেৰে অসমৰ গৌৰৱ হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা , চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্ননী শিল্পী দ্ৰুণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়।
ভাৰতৰ প্ৰথম মহিলা হাতী মাউট পাৰ্বতী বৰুৱা ‘হস্তী কণ্য়া’ নামেৰে সুপৰিচিত। পূৰ্বতে তেওঁক অসম গৌৰৱ বঁটাৰেও সন্মানিত কৰা হৈছিল। পশু কল্য়াণৰ বাবে তেখেতক এইবাৰ পদ্মশ্ৰী প্ৰদান কৰা হয়। সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ সদস্য় হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। চিৰাঙ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰসায়ণ বিভাগৰ সদস্য় হোৱাৰ উপৰিও ২০১৭ চলৰ পৰা ‘BORDOISILA FARMER PRODUCER COMPANY LIMITED’ ৰ প্ৰম’টাৰ হিচাপে কৰ্মৰত আছে। বসুমতাৰীয়ে ২০১৫ চনত বেংগালুৰুৰ কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ পৰা ছিৰিকালছাৰত উতকৃষ্টতাৰ বঁটা লাভ কৰাৰ লগতে ২০২২-২৩ চনত অসন গৌৰৱ বঁটা আৰু ২০২২ চনত অসম কৃষি বিশ্ববিদ্য়ালয়ৰ শ্ৰেষ্ঠ কৃষক বঁটাও লাভ কৰে। দ্ৰুণ ভূঞা লোকসংস্কৃতি তথা সুকননী ওজাপালী আৰু দেওধনী নৃত্য়ৰ লগত বাশেষভাবে জড়িত । ১৯৫৬ চনৰ ১ জানুৱাৰীত দৰঙ জিলাৰ ছিপাঝাৰৰ সমীপৰ সাতঘৰীয়া গাঁৱত দৰিদ্ৰ পৰায়ালত জন্মগ্ৰহণ কৰা ভূঞাই কেৱল প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ভূঞাই ২০০৯ চনত সাংস্কৃতিক মন্ৰালয়ৰ পৰা ‘গুৰু উপাধি’, আগ্ৰাত ৰাষ্ট্ৰীয় নাট্য় আৰু লোককলা মহোতসৱত ২০১২ চনৰ মীৰা বঁটা, ২০২১ চনত বিষ্ণু ৰাভা বঁটা আৰু ২০২৩ চনত অসম গৌৰৱকে ধৰি কেইবাটাও বঁটা লাভ কৰে।