উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দিতিমণি গগৈৰ বাসগৃহত জব্দ প্ৰায় ৯ লক্ষাধিক নগদ ধন

Share
নিউজ ডেস্কঃ উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা  DTO কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহত তদন্তকাৰী দলে অভিযান চলাই  জব্দ কৰে প্ৰায় ৯ লক্ষাধিক নগদ ধন। উল্লেখ্য যে,বুধবাৰে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৭০০ টকা  উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি  নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰিছিল দিতিমণি গগৈ আৰু পংকজ শইকীয়াক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত দিতিমণি গগৈক পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা দিতিমণিৰ উদয়পুৰ ফ্লেটলৈ আনি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বহু পৰিমণৰ নগদ ধন। তদন্তকাৰী দলে তেওঁৰ ফ্লেটত তালাচী চলাই মুঠ ৯ লাখ ৩০ হাজাৰ  টকা জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে, পংকজ শইকীয়াৰ টেঙাখাটৰ বাসগৃহৰ পৰা অভিযানকাৰী দলে বহু পৰিমাণৰ ড্ৰাইভিং লাইচেন্স জব্দ কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *