আমাৰ বিশাল সনাতন সভ্যতা-সংস্কৃতিয়ে ,সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতি-ভেদ, উচ্চ-নীচ ব্যৱস্থাৰ বাবেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share

বৰ্তমানেও চৰ্চাৰ ওৰ পৰা নাই ৰাজ্য কপোঁৱা মঙলদৈ,ঢেকিয়াজুলিৰ ঘটনাই! কিছুদিন পূৰ্বেই সংঘটিত হোৱা দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী আদিবাসী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল । SSB ৰ পৰিয়ালত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী । কিন্তু কিশোৰীগৰাকীৰ সমগ্ৰ ঘটনাৰ আঁৰত থকা ৰহস্যজনক মৃত্যুৰ তদন্তৰ ক্ষেত্ৰতো আৰক্ষীয়ে গাফিলতি কৰাৰ তথ্য পোহৰলৈ আহিছিল। তাৰ পাছতে মুখ্যমন্ত্ৰীৰ চৰজমিন তদন্তত SP,ASP লগতে OC কো নিলম্বন কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে, নিজস্ব পদবীৰ পৰা নিলম্বিত হৈছে তিনি আৰক্ষী বিষয়া । সমান্তৰালকৈ আকৌ মঙলদৈতো সংঘটিত হৈছিল এক ৰাজ্য কপাঁই যোৱা চাঞ্চল্যকৰ ঘটনা ।যি আছিল সভ্য সমাজক কলুষিত কৰা এটা মৰ্মান্তিক ঘটনা । য’ত জাতি ভেদাভেদৰ বাচ-বিচাৰত নিসংগ হৈ পৰিছিল এটা পৰিয়াল। বলি হৈছিল সামাজিক সংকীৰ্ণতাৰ ।

পিছে এনে এক পৰিপ্ৰেক্ষিতত ৭৬ তম স্বাধীনতাৰ ত্ৰিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে যে –“চৰকাৰ কঠোৰ হ’ব । চৰকাৰে ইয়াৰ বাবে স্পেচিয়েল আইন আনিব । যিকোনো ১৪ বছৰীয়া ছোৱালীৰ মৃত্যু,হেংগিং আদি ঘটনাৰ সৈতে যুঁজিবলৈ আৰু তাৰ শাস্তি ফাঁচীলৈকে ৰূপান্তৰ কৰিবৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰিব । মই সেই মঙলদৈৰ ঘটনাক ,সেই ৰাইজে যি ঘটনা কৰিলে তাক আজি মই ত্ৰিৰংগা পতাকাৰ তলৰ পৰাই গৰিহণা দিছোঁ । গৰিহণা হ’ব নোৱাৰে , সংশোধন আটাইতকৈ ডাঙৰ মন্ত্ৰ হ’ব লাগিব । মই অসমৰ গাৱে-ভূৱে ৰাইজক আহ্বান জনাম এই আমাৰ বিশাল সনাতন সভ্যতা-সংস্কৃতিৰ সংকটৰ মাজেৰে গতি কৰিছে কেৱল জাতিভেদ,উচ্চ-নীচ,জাতিভেদ ব্যৱস্থাৰ বাবে ।এই উচ্চ-নীচ ,জাতিভেদ ব্যৱস্থা যদি নাথাকিলহেঁতেন, আমাৰ ভাৰত সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে সদায় পৃথিৱীৰ বুকুত জিলিকি থাকিব পাৰিলেহেঁতেন ।   

Leave a Reply

Your email address will not be published. Required fields are marked *