অস্কাৰৰ বাবে মনোনীত ভাৰতীয় চলচ্ছিত্ৰ

Share

৯৫ সংখ্যক অস্কাৰত শ্ৰেষ্ঠ চলচ্ছিত্ৰ আৰু শ্ৰেষ্ঠ অভিনেতাকে ধৰি প্ৰধান কেইবাটাও শাখাত মনোনীত হৈছে ভাৰতীয় চলচ্ছিত্ৰ ৷ উল্লেখ যোগ্য যে “অকাডমি অব্ মোশ্যন পিকছাৰ আৰ্টছ এন্ড ছায়েন্সেছে” সমগ্ৰ বিশ্বৰ ৩০১ খন কাহিনী চলচ্ছিত্ৰৰ নাম উল্লেখ কৰিছে৷ ইয়াৰ ভিতৰত সঞ্জয় লীলা ভালসালিৰ “গংগুবাই কাথিয়াৱাড়ী” , বিবেক অগ্নিহোত্ৰীৰ “দ্য কাশ্মীৰ ফাইলছ”, ঋষভ শেট্টীৰ “কান্তাৰা” আৰু এছ এছ ৰাজা মৌলিৰ “আৰ আৰ আৰ” ,আদি ভাৰতীয় ছবি সমূহে মনোনয়নৰ যোগ্যতা লাভ কৰে ৷ তদুপৰি অস্কাৰৰ তালিকাত মাৰাঠী চিনেমা “মে বসন্তৰাও তুঋ্যা সাথী কাহি হী” , আৰ মাধৱনৰ “ৰকেট্ৰিঃদ্যা নাম্ৱি এফেক্ট”, “ইৰাভিন নিঋল” আৰু কানাড়া চলচ্ছিত্ৰ “বিক্ৰান্ত ৰোনাও” , শৌনক সেনৰ তথ্য চিত্ৰ “অল দেট ব্ৰীদ্ছ” আৰু কাৰ্তিকী গনছালভেছৰ “দ্যা এলিফেন্ট হুইছপাৰ”৷
এই চলচ্ছিত্ৰ বোৰৰ সপক্ষে ভোট দানৰ অধিকাৰ থকা সদস্যই ১৭ জানুৱাৰীত ভোট দান কৰিব ৷ অহা ২৪ জানুৱাৰী তাৰিখে মনোনয়ন পোৱা চলচ্ছিত্ৰ সমূহৰ নাম ঘোষণা কৰিব৷ অহা ১২ মাৰ্চত লছ এঞ্জেলছৰ ডলী থিয়েটাৰত এই অস্কাৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হব৷

Leave a Reply

Your email address will not be published. Required fields are marked *