ৰাষ্ট্ৰপতিয়ে নতুন সংসদ ভৱন উদ্ধোধন কৰাৰ দাবীত উচ্চতম ন্যায়লয়ত PIL দাখিল বিৰোধীৰ

Share

মোদী চৰকাৰ আৰু বিৰোধীৰ সংঘাত। নতুন সংসদ ভৱন উদ্ধোধনক লৈ তুংগত উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱন উদ্ধোধন কৰাৰ বিৰোধিতাত বহু বিৰোধী দলসমূহ। তেওলোকৰ দাবী যে নতুন সংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্ধোধন কৰিব লাগিব। এই সন্দৰ্ভত বিৰোধী পক্ষৰ উচ্চতম ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ দ্বাৰা নতুন সংসদ ভৱন উদ্ধোধন কৰোৱাৰ বাবে উচ্চতম ন্যায়লয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াটো বিচাৰিছে বিৰোধী পক্ষই।

সেইবাবে বিৰোধী দলসমূহে উচ্চতম ন্যায়লয়ত PIL দাখিল কৰিছে। উল্লেখ যোগ্য যে  ২০টা বিৰোধী দলে প্ৰধানমন্ত্ৰী মোদীৰ নতুন সংসদ ভৱনৰ উদ্ধোধন কাৰ্যসূচী বৰ্জন কৰিব বুলি সিদ্ধান্ত লৈছে।বিৰোধী দল সমূহ কংগ্ৰেছ, আপ, TMC, JDC কে ধৰি ২০টা দলে ২৮মে’ৰ উদ্ধোধন কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত লৈছে। 

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ দ্বাৰা সংসদ ভৱন উদ্ধোধন নকৰাটো সংবিধান উলংঘা বুলি PIL ত মন্তব্য বিৰোধী দলসমূহৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মক নতুন সংসদ ভৱন উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ নকৰা কাৰ্যটো গৰিহণা দিয়ে বিৰোধী দলসমূহে। সংসদ গঠন হৈছে ৰাষ্ট্ৰপতি আৰু লোকসভা আৰু ৰাজ্যসভাৰে।ৰাষ্ট্ৰপতিৰ আছে সংসদ ভংগ কৰাৰ ক্ষমতা।

এতিয়া এনেদৰেই সংসদ উদ্ধোধনক লৈ শাসক বিৰোধীৰ মাজত অভূতপূৰ্ব সংঘাত। এতিয়া উচ্চতম ন্যায়লয়ৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিছে বিষয়টোৰ গতি-প্ৰক্ৰিয়া।  

Leave a Reply

Your email address will not be published. Required fields are marked *