লোকসভাত নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দাখিল কৰিলে বিৰোধীয়ে

Share

মণিপুৰক লৈ সংসদৰ অচলাৱস্থাৰ মাজতে কংগ্ৰেছে লোকসভাত নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে। 

২০ জুলাইত বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হোৱা পিছৰে পৰা মণিপুৰ সন্দৰ্ভত দুয়োখন সদনতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আহিছে। বিৰোধীয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ দাবী কৰিছিল। বিৰোধীয়ে দাবী উত্থাপন কৰাৰ পিছতে শাসকীয় পক্ষই আলোচনাৰ বাবে সাজু  বুলি প্ৰকাশ কৰিছিল, লগতে মণিপুৰৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিব বুলিও উল্লেখ্য কৰিছিল। 

কিন্তু তাৰ পিছতে বুধবাৰে লোকসভাত অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে বিৰোধী দলে। উল্লেখ্য যে, সদনত কেন্দ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ প্ৰায় ৫০ জন সাংসদৰ প্ৰয়োজন হয়, লগতে লোকসভাত চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গ্ৰহণ কৰা হয়। 

ইয়াৰ উপৰিও অনাস্থা প্ৰস্তাৱ যদিন সংসদত অনা হয় আৰু ৫১ শতাংশ সাংসদে অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোট প্ৰদান কৰিলে ই গৃহীত কৰা হয়। ই গৃহীত হোৱাৰ পিছতে চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাই লগতে পদ ত্যাগ কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *