দৰিদ্ৰ – মধ্যবিত্ত পৰিয়ালৰ কল্যাণৰ হকে কাম কৰে কেৱল কংগ্ৰেছে ! ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ কি ক’লে ৰাহুল গান্ধীয়ে?

Share
ডিজিটেল ডেস্ক, ৯ মে’ঃ  পেট্ৰ’পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়তে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ ৫০ টকা বৃদ্ধি পোৱাৰ পাছতে এই বিষয়টোক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে লোকসভাৰ সাংসদ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
সামাজিক মাধ্যমত তেওঁ কৰা টুইটক লৈ এতিয়া সৰ্বত্ৰে চৰ্চাত। কিয়নো, টুইটত তেওঁ ‘তেতিয়া আৰু এতিয়া’ৰ তুলনা কৰি কয় যে – পূৰ্বৰ ইউ পি এ চৰকাৰে বিজেপি নেতৃত্বাধীন চৰকাৰতকৈ বেছি ভালদৰে এই বিষয়বোৰ সমাধান কৰিছিল। টুইটত উল্লেখ কৰা অনুসৰি, ২০১৪ চনৰ মে’ মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা। সেয়া এতিয়া বৃদ্ধি পাইছে ৯৯৯ টকালৈ। প্ৰায় ছশ টকা পৰ্যন্ত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম। ইউ পি এ চৰকাৰৰ দিনত যিখিনি টকালৈ দুটা চিলিণ্ডাৰ পোৱা গৈছিল, এতিয়া সেই টকাৰে পোৱা যায় মাত্ৰ এটাহে ৰন্ধন গেছৰ চিলিণ্ডাৰ। তদুপৰি, তেওঁ কেন্দ্ৰক সমালোচনা কৰি কয় যে কেৱল কংগ্ৰেছেহে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ কল্যাণৰ হকে কাম কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *