ইংৰাজী ভাষাৰ প্ৰতি অগাধ আসক্তিয়ে ৯৫ শতাংশ শিক্ষাৰ্থীক ৰাষ্ট্ৰ নিৰ্মাণত সহযোগ কৰাৰ পৰা বঞ্চিত কৰিছেঃঅমিত শ্বাহ

Share

গুৱাহাটী, ২৪ আগষ্ট: কিছুদিন পূৰ্বে ভূপালত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সন্দৰ্ভত অনুষ্ঠিত এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য প্ৰদান কৰে যে – ইংৰাজীৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে দেশত কেৱল ৫ শতাংশৰ বুদ্ধিমত্তাকহে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰিব পৰা গৈছে। ইয়াৰ কাৰণ ৯৫ শতাংশই মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰে আৰু কেৱল ৫ শতাংশহে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা জ্ঞান আহৰণ কৰে । সেই শতাংশ সমানেই মেধাসম্পন্ন কিন্তু তেওঁলোকক বঞ্চিত কৰা হৈছে লগতে “যি সকল ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নপঢ়িলে সেইসকলক আমি অন্যায় কৰিব নোৱাৰোঁ।’’

তদুপৰি গৃহমন্ত্ৰী গৰাকীয়ে মাতৃভাষাৰ মাধ্যমৰ শিক্ষাৰ্থীৰ কাৰণে কি কি পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে আৰু সেই তালিকা অনুযায়ী তেওঁ কয় – NEET আৰু JEE এতিয়া ১২টা আধুনিক ভাৰতীয় ভাষাত অনুষ্ঠিত কৰাৰ উপৰিও Central University Entrance Test ১৩ টা ভাষাত অনুষ্ঠিত কৰাৰ লগতে ১০খন ৰাজ্যৰ ২০খন মহাবিদ্যালয়ৰ অভিযান্ত্ৰিক পাঠ্যক্ৰম – স্নাতকোত্তৰ পর্যন্ত স্থানীয় ভাষাত ইতিমধ্যে তৈয়াৰ হৈছে। অতি সোনকালেই অভিযান্ত্ৰিক শিক্ষা হিন্দী, কানাড়া, বাংলা গুজৰাটী ভাষাত আৰম্ভ হ’ব। লগতে গৃহমন্ত্ৰী গৰাকীয়ে জনাই যে – যিদিনাখন মাতৃভাষাৰ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰাপ্য লাভ কৰিব সেইদিনাৰ পৰাই দেশ সূৰ্যৰ দৰে জিলিকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *