গুৱাহাটী মহানগৰীৰ ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন সংবাদ কৰ্মী

Share
গুৱাহাটী, ২৭ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত পুনৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত “অসম লাইভ২৪” ৰ এজন ভিডিঅ সাংবাদিক। সাংবাদিক জনৰ নাম আইজুৰ আলি। নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। 
উন্নত চিকিৎসাৰ বাবে GMCH লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকজনে। নিজা বাহনেৰে কৰ্মস্থলীৰ পৰা ঘৰমুখি হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। বৰ্তমানেও দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই। সাংবাদিক জনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ সংবাদজগতৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *