ছেপ্টেম্বৰত  সংঘটিত হোৱা এক অতিকৈ শিহৰণকাৰী  আৰু মৰ্মান্তিক ঘটনা আছিল মাজুলীৰ ফেৰি দুৰ্ঘটনা।

Share

মাজুলী, ৮ জানুৱাৰীঃ মাজুলীৰ ফেৰি দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়ালবৰ্গক অসম চৰকাৰে আজি ৮ জানুৱাৰী ২০২২  ত আগবঢ়ায় নিযুক্তি পত্ৰ। এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ  কাৰ্য্যসূচী জনতা ভৱনত অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ কৰিছে। সেই ফেৰি দুৰ্ঘটনাত নিহত হৈছিল ক্ৰমে মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা  পৰিমিতা দাস আৰু লক্ষীমপুৰ জিলাৰ ইন্দ্ৰেশ্বৰ  বৰা। জানিব পৰা মতে ২০২১ চনৰ ১০ তাৰিখৰ কেবিনেটৰ বৈঠকৰ সিদ্ধান্ত  অনুসৰি সেই ফেৰি দুৰ্ঘটনাত নিহত সকলৰ আত্মীয়স্বজনলৈ প্ৰদান কৰা হৈছে এই নিযুক্তি পত্ৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *