আজি অনুষ্ঠিত কৰা হব অসম বিধানসভাৰ এদিনীয়া অধিৱেশন

Share

গুৱাহাটী,১৭ আগষ্টঃঅসম বিধানসভাৰ পুৰণি সদনত আজি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হৈ ৭ বজাত সামৰণি পৰিব এই এদিনীয়া অধিৱেশন ৷স্বাধীনতাৰ অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভতে অধিৱেশনত আলোচনা কৰা হ’ব।

লগতে বিধায়ক সকলে দেশৰ ইতিহাস তথা দেশৰ স্বাধীনতা সম্পৰ্কে বক্তব্য দাঙি ধৰিব।
ইয়াৰ উপৰিও দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও এই অধিৱেশনত স্থান লাভৰ কৰাৰ লগতে পূৰ্বৰ ভাৰতবৰ্ষ আৰু বৰ্তমানৰ ভাৰতবৰ্ষৰ ওপৰতো আলোচনা কৰা হব বুলি ব্যক্ত কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *