ৰাস মহোৎসৱ লৈ মাজত মাত্র এটা দিন

Share
২৫ নৱেম্বৰ: ৰাস উৎসৱ অসমৰ এটা অতি জনপ্রিয় উৎসৱ। ঈশ্বৰৰ ভক্তি ৰসৰ সৈতে জড়িত এই ৰাস উৎসৱ এক ধৰ্মীয় উৎসৱ। ৰাস বুলি ক’লে সকলোৰে মনলৈ আহে জীৱন্ত ৰাসেৰে মাজুলীৰ কথা। প্ৰতিবছৰৰ দৰে এইবাৰো বাঁহীৰ মধুৰ গুঞ্জনেৰে মূখৰিত মাজুলীৰ আকাশ-বতাহ । ৫৬ খন মঞ্চ আৰু ১২খন সত্ৰ বৰ্তমান সাজু ৪ দিনীয়া কাৰ্যসূচী লৈ মাজুলীৰ ৰাস পূৰ্ণিমা লৈ। ইয়াৰ লগতে নামনি অসমৰ জনপ্ৰিয় হাউলী ৰাস অহা ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। কিছু ব্যতিক্রমী ৰূপত এইবেলি হাউলী ৰাসত দেশতকৈ মোমাই ডাঙৰ নহয়, লগতে চন্দ্ৰযান-৩ ৰ আৰ্হি উপস্থাপন কৰিব। ইয়াৰ লগতে সমানে জনপ্ৰিয়তাত থকা ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱ অহা ২৬ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। এইবেলি নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মহাভাৰতৰ শ্ৰী কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা নীতিশ ভৰদ্বাজ। লগতে প্ৰথমবাৰৰ বাবে তিনি ৰাস ক্ৰমে মৃন্ময় মূৰ্তি, জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসৰ সমাহাৰ ঘটিব। লগতে পাঠশালাত ১৫ দিনীয়া কাৰ্যসূচীৰ লগতে শুৱালকুছিত এঘাৰ দিনীয়া ৰাস মহোৎসৱৰ আয়োজন হোৱাৰ উপৰি প্ৰদৰ্শন হ’ব জীৱন্ত ৰাস। আন এক জনপ্রিয় ৰাস মহোৎসৱ পলাশবাৰীৰ ৰাস মহোৎসৱ এইবেলি মহাৰজত উপলক্ষে ২৭ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *