‘অন হুইলছৰ ‘নতুন নিৰ্দেশনা এতিয়াৰে পৰা কলেজীয়া শিক্ষাৰ্থীসকলক গাড়ী ভাৰালৈ নিদিয়ে

Share

‘গুৱাহাটী অন হুইলছ’ৰ  নতুন ঘোষণা । এতিয়াৰে পৰা কলেজীয়া শিক্ষাৰ্থীসকলক গাড়ী ভাৰালৈ নিদিয়ে ব্যৱসায়িক গোষ্ঠীটোৱে ।সমগ্ৰ ৰাজ্য কপাই যোৱা শেষ নিশাৰ জালুকবাৰী সংঘটিত হোৱা  দুৰ্ঘটনাৰ পাছতে  এই  ঘোষণা । মাদক দ্ৰব্য সেৱন কৰি যাত্ৰা কৰাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনা ঘটিয়েই আছে  সেয়েহে প্ৰতিষ্ঠানটিয়ে আজিৰে পৰা  কলেজীয়া শিক্ষাৰ্থীক গাড়ী ভাৰালৈ ভৱিষ্যতে নিদিয়ে বুলি সামাজিক  মাধ্যমত প্ৰকাশ কৰে । প্ৰতিষ্ঠানটোৰ  এই সিদ্ধান্তই  ব্যৱসায়ৰ পৰিৱৰ্তে দেশৰ মানৱ সম্পদৰ জীৱনক অধিক প্ৰাধান্য দিব বুলি জনাইছে পোষ্টটোৰ জৰিয়তে ।

বৰ্তমান সময়ত  উৎসৱে-পাৰ্বণে মদ্ৰপানৰ পৰিসংখ্যা অস্ৱাভাৱিক ধৰণে বৃদ্ধি হবলৈ ধৰিছে । তেনেস্থলত প্ৰতিষ্ঠানটিৰ এনেধৰণৰ সিদ্ধান্তই নিশ্চয়কৈ ভৱিষ্যতে  ৰাজ্যৰ বহুতৰ  প্ৰাণ ৰক্ষাত সহায় কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *