দীপাৱলী উপলক্ষে প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জাৰী কৰে বিভিন্ন নীতি-নিৰ্দেশনা

Share

নিউজ ডেস্ক,১৯ অক্টোবৰঃপ্ৰত্যেকবছৰৰ দৰেই এইবছৰো ৰাজ্যত দিপাৱলীৰ সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰিবলৈ গুৱাহাটী চহৰত এটা পষেকীয়া ড্ৰাইভ আৰু আন সাতখন ঠাইত দুদিনীয়া অভিযান চলাবলৈ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে ,উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ে ১২৫ ডেচিবেল বা ১৪৫ ডেচিবেলতকৈ অধিক শব্দৰ স্তৰ সৃষ্টি কৰা আতচবাজী নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছিল ৷

তদুপৰি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ১৮ অক্টেবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁওৰ কিছুমান স্থানত দিপাৱলীৰ  পূৰ্বে পৰিৱেশৰ বায়ুৰ মানদণ্ড আৰু শব্দ-স্তৰৰ নিৰীক্ষণ কৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *