এফালে বান  বিভীষিকা । আনফালে কৰুণ দৃশ্য় , কালসংহাৰী বানে উটুৱাই নিলে আৰক্ষী বিষয়া , কনিষ্টবলৰ জীৱন 

Share

গুৱাহাটী , ২১ জুনঃ বানৰ কবলত হাহাঁকাৰ বন্য়াৰ্তৰ । তেনে এক বান বিধ্বল্ত বিভীষিকাময় পৰিৱেশৰ মাজতে নগাঁও জিলাত সংঘটিত এক কৰুণ ঘটনাই কপাঁই তুলিছে সমগ্ৰ ৰাজ্য় । যোৱা ৩ জুনত নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ  পৰা কামপুৰ আৰক্ষী থানাত  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা সমুজ্জ্বল কাকতি অতি অমায়িক আৰু মৃদুভাষী  আৰক্ষী বিষয়া আছিল । যোৱা নিশা প্ৰলয়ংকাৰী বানৰ মাজতে নিজ কতৰ্ৱ্য় পালন কৰিবলৈ গৈ নগাঁও জিলাৰ কামপুৰত বাঢ়নী পানীত পৰি দুই আৰক্ষীয়ে কৰুণভাৱে মৃত্যুক আকোঁৱালী লয় । বাঢ়নী পানীত পৰি মৃত্য়ু হোৱা দুই আৰক্ষী ক্ৰমে , কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈ । প্ৰাপ্ত তথ্য় অনুসৰি , যোৱা নিশা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ নেতৃত্বত নিজ কতৰ্ৱ্য পালন কৰিবলৈ গৈ  বাঢ়নী পানীত পৰি যায় চাৰিজনীয়া আৰক্ষীৰ দলটো । নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ পাছনিজাৰ মধুপুৰৰ জলমগ্ন পথছোৱাৰে গৈ থকৰা অৱস্থাত হঠাত্ বাঢ়নী পানীত পৰি ডুৱ যায়  কনিষ্টবল ৰাজীৱ বৰদলৈ । তাৰ পাছতে ৰাজীৱ বৰদলৈক উদ্ধাৰৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি আগবাঢ়ি যায়  যদিও কনিষ্টবল ৰাজীৱ বৰদলৈৰ লগতে অ’ চি সমুজ্জ্বল কাকতিও সন্ধানহীন হৈ পৰে । অ ‘ চিসহ দুজন আৰক্ষী সন্ধানহীন হোৱাৰ পাছতে নিশাই এছ ডি আৰ এফে তিনিখন নাওঁ লৈ উদ্ধাৰ অভিযান চলাইছিল । আৰু পুৱতি নিশা  কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ  উদ্ধাৰ কৰাৰ পাছতে পুৱাৰ ভাগতহে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বানে কাঢ়ি নিয়া আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ ঘৰ চাংসাৰিত আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰ লগাঁৱৰ হুজগাঁৱত । বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ কামপুৰত । আনফালে , কনিষ্টবল ৰাজীৱ বৰদলৈৰ কণমানি দুই সন্তানে যেন অনুভৱ  কৰিব পৰা নাই পিতৃৰ বিয়োগৰ বতৰা । প্ৰলয়ংকাৰী বানে কঢ়িয়াই অনা এই মৃত্য়ুৰ খবৰে আৰক্ষী কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰখনৰ পৰিৱেশ যেন এতিয়া  আকাশখন খহি পৰাৰ দৰে ক্ৰন্দনৰ ৰোল । ৩৩ বছৰীয়া ৰাজীৱৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পত্নী  ক্ৰন্দনৰ ৰোল তুলি ঢাপলি মেলে স্বামীৰ মৃতদেহৰ কাযলৈ ।  

 

Leave a Reply

Your email address will not be published. Required fields are marked *