২১ ফেব্ৰুৱাৰীত ছবিগৃহত আহি আছে ”দ্যা মিৰাজ”

Share

মাজত মাথো কেইটামান দিন। ২১ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব চলিত মাহৰ প্ৰথমখন অসমীয়া ছবি ‘দ্যা মিৰাজ’,অবাস্তৱ সংগ্ৰামৰ সাৰাংশ।শেহতীয়াকৈ সামাজিক মাধ্যমযোগে মুক্তিলাভ কৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ট্ৰেইলাৰ।ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি ছবিখনৰ কাহিনীভাগ সত্য ঘটনাৰ ওপৰত আধাৰত প্ৰস্তুত কৰা হৈছে। নিজৰ অসমী আইক লৈ থকা অপাৰ শ্ৰদ্ধাৰ ফলত যেতিয়া একাংশ যুৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে কিছুমান নল’বলগীয়া পথেৰে খোজ আগবঢ়ায় তেতিয়া কি পৰিস্থিতিৰ সন্মুখীন হোৱা যায়,তাৰে আধাৰত নিৰ্মাণ কৰা হৈছে ‘’দ্যা মিৰাজ’’। ছবিখনৰ পৰিচালনা কৰে বিকাশ মোছাহাৰী।ডিমা হাচাওৰ কেপিল’ গাওঁ,গড়ভাঙা ৰিজাৰ্ভ চেন্টাৰকে ধৰি গুৱাহাটীৰ আন বিভিন্ন ভিতৰুৱা অঞ্চলত কৰা হৈছে ছবিগখনৰ দৃশ্যগ্ৰহণ।ছবিখনত অভিনয় কৰিছে গুনাকৰ দেৱ গাস্বামী,নৱজিৎ কোঁৱৰ,অভিজিৎ চুতীয়া,প্ৰশান্ত দাস,সিদ্ধাৰ্থ মুখাৰ্জী,জলী নস্কৰ,প্ৰিয়ংকা পঞ্চী দাস,ইষান হাজৰিকা,অংকিতা বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ বাবে এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক।

Leave a Reply

Your email address will not be published. Required fields are marked *