কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰৰ পদত ওমৰ আব্দুল্লা

Share

১০ বছৰৰ পাছত অনুষ্ঠিত নিৰ্বাচনৰ ফলত নতুন চৰকাৰ লাভ কৰিব কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰে। আজি উপত্যকাটোৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিব নেচনেল কনফাৰেন্স দলৰ নেতা ওমৰ আব্দুল্লাই। অনুচ্ছেদ ৩৭০ ত্যাগ কৰাৰ পাছত জম্মু কাশ্মীৰৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে নেচনেল কনফাৰেন্স দলে। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই প্ৰত্যাহাৰ কৰা হয় ৰাষ্ট্ৰপতি শাসন।

শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মীলন কেন্দ্ৰত অনুষ্ঠিত কৰা হ’ব আজিৰ এই শপত গ্ৰহণ অনুষ্ঠান। ইতিমধ্যেই সম্পূৰ্ণ কৰা হৈছে শপত গ্ৰহণৰ সকলো প্ৰস্তুতি। জানিব পৰা মতে, এই শপত গ্ৰহণ অনুষ্ঠানটোত উপ-ৰাজ্যপাল মনুজ সিনহা লগতেই উপস্থিত থাকে কেইবাগৰাকীও ভিআইপি অতিথি। ইয়াৰে ভিতৰত কংগ্ৰেছ সভাপতি মালিকাজুন খৰ্গে, সাংসদ ৰাহুল গান্ধী, ছোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাগৰাকীও লোক।

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ৯০ খন বিধানসভা আসনৰ ভিতৰত ৪২ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় নেচনেল কলফাৰেন্স দলে।        

Leave a Reply

Your email address will not be published. Required fields are marked *