মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন ঘোষণা

Share

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ২০২৪ চনৰ ২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হব।দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হব ঝাৰখণ্ডৰ ভোটগ্ৰহণ।১৩ নৱেম্বৰত ৱায়ানাডত হব উপ নিৰ্বাচন।

মহাৰাষ্ট্ৰৰ বিধানসভাৰ কাৰ্যকাল ২৬ নৱেম্বৰত শেষ হোৱাৰ বিপৰীতে ঝাৰখণ্ডৰ কাৰ্যকাল ২০২৫ চনৰ ৫ জানুৱাৰীত শেষ হয়।জন্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰাপত্তাৰ প্ৰয়োজনীয়তাৰ বাবে চলিত মাহৰ আৰম্ভণিতে জন্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ সৈতে মহাৰাষ্ট্ৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল বুলি জনায় মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।

দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ উপৰিও নিৰ্বাচন আয়োগে লোকসভাৰ খালী হৈ থকা তিনি খন আসন আৰু বিভিন্ন ৰাজ্যৰ ৪৭ খন আসনৰ উপ-নিৰ্বাচন হব বুলি ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *