নিউজ ডেস্ক, ১১ জনলৈ বৃদ্ধি পালে ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা। মঙ্গলবাৰে ৮ জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয় তিনিজনক। নতুনকৈ গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইগৰাকী হৈছে মুস্তাফিজুৰ ৰহমান, আতিকুৰ ৰহমান আৰু আলিউল্লাহ।
উল্লেখ্য যে , আৰক্ষীৰ নিযুক্তিত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত মঙ্গলবাৰে ৮ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে সোধা- পোছাৰ অন্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ৮ অভিযুক্তক। শেহতীয়াকৈ অসম আৰক্ষীত বহু পৰিমাণৰ পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে।