এতিয়া ভাৰতৰ পৰা বৃটেইনলৈ চলিব বাছসেৱা, পোনপতীয়াভাৱে যাত্ৰা কৰিব পাৰিব যাত্ৰীসমূহে

Share

নিউজ ডেস্ক, ২২ জুলাইঃ  ৭০ দিন অতিক্ৰম  কৰি ভাৰতৰ পৰা বৃটেইনলৈ চলে এই বিশেষ বাছখন । ১৮ খন দেশ অতিক্ৰম কৰি দিল্লীৰ পৰা বৃটেইনলৈ যাত্ৰা কৰে এই যাত্ৰীবাহী বাছখনে। ‘Adventure Overload’ নামৰ কোম্পানীৰ এই বাছখনে দিল্লীৰ পৰা বৃটেইনলৈ যাত্ৰা কৰে।

২০,০০০ কিঃমিঃ যাত্ৰা কৰা এই বাছখনৰ যাত্ৰা ৭০ দিনত সম্পূৰ্ণ হৈ যায় । যাত্ৰাৰ খৰচ একোজন ব্য়ক্তিৰ পৰা ১৫ লাখকৈ আহৰণ কৰে । এই বাছখনৰ তত্বাৱধায়ক কেইগৰাকী হৈছে সঞ্জয় মদন আৰু তুষাৰ আগৰৱালা ।

তেওঁলোকে কয় যে,যাত্ৰাৰ সময়চোৱাত এই বিলাসী বাহনখনে মস্কো , থাইলেণ্ড, ম্যানমাৰ ইত্যাদি ঠাইত যাত্ৰীসকলৰ কাৰণে ৰখাব আৰু সেই ঠাইৰ কিছুমান পৰ্যটন স্থলী দৰ্শন কৰাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *